গুৱাহাটী মহানগৰীৰ হাতিগাঁৱত নগৰবেৰা আৰক্ষীয়ে চলোৱা এক অভিযানত ছয়জন সন্দেহযুক্ত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি, হাতিগাঁৱৰ মেজেষ্টি মেনৰ নামৰ এটা হোমষ্টেৰ পৰা অভিযুক্ত কেইজনক আটক কৰা হয়। উক্ত স্থানৰ পৰাই অভিযুক্তসকলে চাইবাৰ অপৰাধজনিত কাৰ্যকলাপ চলাই আহিছিল। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে— আৰিফুল ইছলাম (ৰঙ্গেশ্বৰী পাম) ছাফাকত আনছাৰী (ঝাৰখণ্ড), জাহিদুল ইছলাম(টুপামাৰী), ধ্ৰুৱজ্যোতি ভূঞা (হাতিগাওঁ), জমিৰ মোল্লা (ৰাঙ্গাপানী) আৰু মেহবুব আলম(টুপামাৰী)। অভিযানকালত আৰক্ষীয়ে এখন চাৰিচকীয়া i20 বাহন, এখন বাইক, কেইবাটাও মোবাইল ফোন, এটিএম কাৰ্ড আৰু বিভিন্ন বেংক সম্পৰ্কীয় নথি-পত্ৰ জব্দ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত বিভিন্ন দিশত তদন্ত অব্যাহত ৰাখিছে। বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ নেতৃত্বত এই অভিযান চলোৱা হয়। অভিযানত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাসৰ লগতে উপ-পৰিদৰ্শক দ্বীপজ্যোতি ৰাজবংশী আৰু আৰক্ষীৰ এটা বৃহৎ দলে সহযোগ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ছয়জনৰ মাজত অসমৰ বিভিন্ন অঞ্চলৰ লগতে ঝাৰখণ্ডৰ এজন লোকো আছে। ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক বা চক্ৰ আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অভিযুক্তসকলৰ বিৰুদ্ধে আইন অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে বুলি আৰক্ষীয়ে জনাইছে।
