জকাইত গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলাল চোৰ!

উলোম পথাৰত ৰাইজৰ ৰোষ—চূৰমাৰ কৰিলে মাৰুতি চুইফট, আৰক্ষীয়ে জব্দ কৰিলে বাহন

ডিব্ৰুগড়ৰ জকাইত গৰু চুৰিৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। গৰু চুৰি কৰিবলৈ অহা বুলি অভিযোগ উঠা চোৰৰ দলটোৱে ৰাইজৰ উপস্থিতিৰ উমান পাই এখন মাৰুতি চুইফট বাহন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

জানিব পৰা মতে, উলোম পথাৰত সন্দেহজনকভাৱে বাহনখন লৈ উপস্থিত হৈছিল লোককেইজন। বিষয়টো স্থানীয় ৰাইজৰ নজৰত পৰাত হুৱাদুৱা লাগে। ৰাইজে খেদি যোৱাত বাহনখন এৰি পলায়ন কৰে সন্দেহযুক্ত লোককেইজনে।

ইয়াৰ পিছতে ক্ষুব্ধ ৰাইজে বাহনখন ভাঙি চূৰমাৰ কৰে। ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত মাৰুতি চুইফটখন জব্দ কৰে।

ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে বাহনখনৰ লগতে ঘটনাৰ সৈতে জড়িত লোকসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

BP NEWS Live
Logo Saturday, 3 October 2026
Login / Register