ধুবুৰী, চাপৰৰ হাতীপোতাৰ পৰা মানসিকভাৱে অসুস্থ লোক নিৰুদ্দেশ: সন্ধান বিচাৰি পৰিয়ালৰ আকুল আহ্বান
ধুবুৰী জিলাৰ হাতীপোতাৰ পৰা এজন মানসিকভাৱে অসুস্থ লোক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালটোলৈ গভীৰ চিন্তাৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা লোকজনৰ নাম আবুশামা সেখ (পিতৃ: মুহুৰুদ্দিন সেখ)। তেওঁৰ ঘৰ ধুবুৰী জিলাৰ হাতীপোটা দ্বিতীয় খণ্ড (হাতীপোটা ডাকঘৰ) গাঁৱত।
পৰিয়ালৰ লোকৰ মতে, লোকজন মানসিকভাৱে অসুস্থ। যোৱাকালি সন্ধিয়া আনুমানিক ৬ বজাত তেওঁ ঘৰৰ পৰা ওলাই যায় আৰু তাৰ পাছৰ পৰাই তেওঁৰ কোনো সম্ভেদ পোৱা যোৱা নাই। পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ আৰু সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই।
কোনো সদাশয় ব্যক্তিয়ে যদি লোকজনক ক’তো দেখা পায় বা তেওঁৰ কোনো সন্ধান লাভ কৰে, তেন্তে লোকজনক আশ্ৰয় প্ৰদান কৰি তলত দিয়া যোগাযোগ নম্বৰত ফোন কৰি পৰিয়ালক খবৰ দিবলৈ অনুৰোধ জনোৱা হৈছে।
নাম: আবুশামা সেখ (Abu Shama Sk)
পিতৃৰ নাম: মুহুৰুদ্দিন সেখ (Muhuruddin Sk)
ঠিকনা: গাঁও – হাতীপোটা ২য় খণ্ড, ডাকঘৰ – হাতীপোটা, জিলা – ধুবুৰী (অসম)
যোগাযোগৰ নম্বৰ: 8638513460 / 9365607257
