শিক্ষা আৰু সমাজলৈ আগবঢ়োৱা মূল্যৱান অৱদানৰ স্বীকৃতিস্বৰূপে ডিব্ৰুগড়ত ময়ুৰী দাসক প্ৰদান কৰা হয় সন্মানীয় ‘গুৰু গৌৰৱ সন্মান বঁটা ২.০’।
বাইটাক্ৰম গ্ৰুপৰ উদ্যোগত ডিব্ৰুগড়ৰ ডি এইচ এছ কে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানটোত শিক্ষা আৰু সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে মুঠ ৫০ গৰাকী বিশিষ্ট শিক্ষকক সন্মানিত কৰা হয়।
এই পদক্ষেপত সহযোগিতা আগবঢ়ায় ভৱানীপুৰ গ্ল’বেল কেম্পাছ, নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউচনছ, জে আই এছ গ্ৰুপ আৰু জেটউইংছ ইনষ্টিটিউট অৱ এভিয়েচন এণ্ড হস্পিটেলিটি মেনেজমেণ্টৰ দৰে শিক্ষানুষ্ঠানসমূহে।
শিক্ষকসকল হৈছে এখন সমাজৰ ভৱিষ্যৎ গঢ়াৰ অন্যতম মূল কাৰিকৰ। তেওঁলোকৰ জ্ঞান, নিষ্ঠা আৰু অৱদানে নতুন প্ৰজন্মক সঠিক দিশত আগুৱাই নিয়াৰ লগতে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
‘গুৰু গৌৰৱ সন্মান বঁটা ২.০’ৰ দৰে পদক্ষেপে শিক্ষকসকলৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে শিক্ষা ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক উৎসাহিত কৰাৰ এক প্ৰয়াস হিচাপে বিবেচিত হৈছে।
