প্ৰেমিকৰ সৈতে থাকিব বিচাৰে প্ৰেমিকা, কিন্তু প্ৰেমিকৰ চৰ্ত—পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব লাগিব। পূৰ্বৰ স্বামীৰ সৈতে আদালতত চলি আছে গোচৰ। তাৰ মাজতে দুই সন্তানৰ পিতৃৰ সৈতে প্ৰেম।সোনতলীৰ ৰেহেনা আৰু টুপামাৰীৰ গাড়ী চালক শ্বহিদুলৰ প্ৰেম কাহিনী পুণৰ গৈ পালে থানা চৌহদ।ৰেহেনা পাৰবিন নামৰ এই মহিলা গৰাকীৰ পূৰ্বে বিয়া হৈছিল আতোৱাৰ ৰহমান নামৰ এজনৰ সৈতে।বৰ্তমান আদালতত চলি আছে গোচৰ।প্ৰতিমাহে পূৰ্বৰ স্বামীৰ পৰা লাভ কৰে ৪ হাজাৰ টকা খোৰাকী।ইয়াৰ মাজতে শনিবাৰে হঠাৎ প্ৰেমিক শ্বহিদুলক নিবলৈ ৰেহেনা উপস্থিত হয় টুপামাৰীত।পিছে শ্বহিদুলে ৰেহেনাৰ সৈতে নাযায়।ৰেহেনাইয়ো নেৰে যাবই লাগিব।দুই প্ৰেমিক প্ৰেমিকাৰ মাজত সৃষ্টি হয় টনা আজোৰা।শ্বহিদুলৰ মতে পূৰ্বৰ স্বামীক ডিভোৰ্চ নিদিয়ালৈকে ৰেহেনাৰ সৈতে নাথাকে। পিছে ৰেহেনাইয়ো ডিভোৰ্চ নিদিয়ে পূৰ্বৰ স্বামীক, কিয়নো প্ৰতিমাহে পূৰ্বৰ স্বামীৰ পৰা খোৰাকী হিচাপে লাভ কৰে ৪ হাজাৰকৈ টকা। সেয়ে ডিভোৰ্চ নিদিয়াকৈয়ে শ্বহিদুলৰ সৈতে থাকিব বিচাৰে সম্পৰ্কত।ইয়াকে লৈ দুদিনমান পূৰ্বে সোনতলীৰ ৰাজপথত দুই প্ৰেমিক প্ৰেমিকাৰ মাজত সৃষ্টি হয় দুৰ্বাদল কাজিয়া।তাৰপাছত পুণৰ শণিবাৰে ৰেহেনাই টুপামাৰীত উপস্থিত হৈ টানি আঁজুৰি প্ৰেমিক শ্বহিদুলক লৈ যায় টুপামাৰী আৰক্ষী চকীত। অৱশেষত শ্বহিদুলে ৰেহেনাৰ সৈতে যাবলৈ অমান্তি হোৱাত আৰক্ষীয়ে ৰেহেনাক পিতৃৰ ওচৰত ছমজাই দিয়ে।তাৰপাছতে পূণৰ ৰূদ্ৰমূৰ্তি ধাৰণ কৰে ৰেহেনাই। শ্বহিদুলক বিভিন্ন প্ৰকাৰে ভয় ভাবুকি দিয়াৰ লগতে ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপন কৰিছে শ্বহিদুলে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
টুপামাৰীত প্ৰেম, বিবাহ আৰু খোৰাকীৰ মাজত সৃষ্টি হৈছে এক অদ্ভুত টনা-আজোৰা
