নগৰবেৰাৰ ৰঙ্গেশ্বৰীত পথ দুৰ্ঘটনা

নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনা সংঘটিত কৰি বাইক এৰি চালক উধাও হয়। বুধবাৰৰ সন্ধিয়াত টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙ্গেশ্বৰী পাম গাওঁত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে আহি প্ৰথমে গছ আৰু তাৰ পিছত বিদ্যুৎৰ খুটিত খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱা পালচাৰ বাহন খনৰ নম্বৰ হল এ এছ ১৫ ডি ৭০৫৪। দুৰ্ঘটনা সংঘটিত কৰি চালকজন বাইকখন পৰিত্যক্ত অৱস্থাত থৈ পলায়ন কৰে। পিছত টুপামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাইক খন জব্দ কৰে।

Leave a Reply

BP NEWS Live
Logo Monday, 12 October 2026
Login / Register