বগীবিল টাৰ্মিনেলৰ পৰা বাংলাদেশ অভিমুখে যাব কাৰ্গো জাহাজ—প্ৰেৰণ কৰা হ’ব ১,০৮০ টন মিথানল
দীৰ্ঘ কেইবা দশকৰ পিছত ডিব্ৰুগড়ৰ সৈতে পুনৰ সংযোগ স্থাপন হ’ব ঐতিহাসিক অন্তঃদেশীয় জলপথ বাণিজ্যৰ। ব্ৰহ্মপুত্ৰৰ জলপথেৰে বগীবিলৰ পৰা বাংলাদেশ অভিমুখে যাত্ৰা কৰিব কাৰ্গো জাহাজ। নতুনকৈ নিৰ্মাণ কৰা বগীবিল ইনলেণ্ড ৱাটাৰ ট্ৰান্সপ’ৰ্ট টাৰ্মিনেলৰ পৰা আৰম্ভ হ’ব এই বাণিজ্যিক কাৰ্গো পৰিবহণ।
ঔপনিৱেশিক শাসনৰ সময়ত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ জলপথেৰে বাণিজ্য আৰু পৰিবহণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। সেই ঐতিহাসিক জলপথৰ বাণিজ্যিক ব্যৱহাৰ পুনৰ সক্ৰিয় কৰাৰ দিশত এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ উন্নয়ন হিচাপে গণ্য কৰা হৈছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে জড়িত এই উদ্যোগৰ অধীনত **নামৰূপৰ অসম পেট্ৰ’-কেমিকেলছ লিমিটেড (APCL)**ত উৎপাদিত মিথানল ডিব্ৰুগড়ৰ পৰা অন্তঃদেশীয় জলপথেৰে বাংলাদেশলৈ পৰিবহণ কৰা হ’ব।
এই যাত্ৰাৰ বাবে সাজু কৰা হৈছে দুটা কাৰ্গো জাহাজ। প্ৰতিখন জাহাজত থাকিব ২৭টা কণ্টেইনাৰ, আৰু প্ৰতিটো কণ্টেইনাৰত প্ৰায় ২০ টনকৈ মিথানল কঢ়িয়াই নিয়া হ’ব। অৰ্থাৎ প্ৰতিখন জাহাজে প্ৰায় ৫৪০ টন আৰু দুয়োখন জাহাজে মিলি প্ৰায় ১,০৮০ টন মিথানল বাংলাদেশলৈ পৰিবহণ কৰিব।
বগীবিলৰ পৰা বাংলাদেশ সীমান্ত অভিমুখে প্ৰায় ৭৮৩ কিলোমিটাৰ জলপথ অতিক্ৰম কৰিবলগীয়া হ’ব জাহাজকেইখনে। যাত্ৰাত প্ৰায় ৭ দিন সময় লাগিব বুলি আশা কৰা হৈছে।
