ধিঙৰ প্ৰাক্তন বিধায়ক হাজী মোবাৰক আলী পাঠানৰ জানাজা সম্পন্ন।
অগণন লোকৰ উপস্থিতিত ২ নং কান্ধুলিমাৰী মাঠখলা খেলপথাৰত জানাজা সম্পন্ন।
ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক হাজী মোবাৰক আলী পাঠানৰ জানাজা আজি দিনৰ ২ বজাত ২ নং কান্ধুলিমাৰী মাঠখলা বজাৰ খেলপথাৰত সম্পন্ন হয়। নগাঁও জিলাৰ দ্ধীনিতালিমী ব’ৰ্ডৰ সভাপতি মৌলানা আতাবুৰ ৰহমানৰ ইমামতিত্বত অনুষ্ঠিত জানাজাত অগণন লোকৰ উপস্থিতিত খেলপথাৰখন জনসমুদ্ৰত পৰিণত হয়।
উল্লেখ্য, যোৱা ২ ছেপ্টেম্বৰত নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত পাঠানৰ মৃত্যু হৈছিল। তেওঁ ধিং সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি বেছামাৰী জিলা পৰিষদৰ সদস্য আৰু বিলটিয়া সমবায় সমিতিৰ সভাপতি আছিল। লগতে খৈৰামাৰী আনৱাৰুল উলুম মাদ্ৰাছাকে ধৰি ধিং সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত আছিল।
জানাজাৰ পাছত খৈৰামাৰী আনৱাৰুল উলুম মাদ্ৰাছাৰ চৌহদত তেওঁৰ মৃতদেহ কবৰস্থ কৰা হয়। পাঠানৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ একাংশ বিষয়ববীয়ায়ো তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।
মৃত্যুৰ সময়ত পাঠানে পত্নী, এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যাৰ লগতে অগণন আত্মীয়-স্বজনক এৰি থৈ যায়। তেওঁৰ মৃত্যুত ধিং সমষ্টিত শোকৰ ছাঁ পৰিছে।
