বৰবৰুৱা আৰক্ষীৰ বৃহৎ অভিযান, জব্দ ৯৭ বটল ক’ডেইনযুক্ত কফ ছিৰাপ

বৰবৰুৱা আৰক্ষীৰ বৃহৎ অভিযান, জব্দ ৯৭ বটল ক’ডেইনযুক্ত কফ ছিৰাপ

বৰবৰুৱা আৰক্ষীৰ নেতৃত্বত অবৈধ ক’ডেইনযুক্ত কফ ছিৰাপৰ যোগান শৃংখল উৎখাতৰ উদ্দেশ্যে দুটা পৰ্যায়ত অভিযান চলোৱা হয়।

CDSP খোৱাঙৰ IC অমিত ৰঞ্জন বৰ্মনৰ নেতৃত্বত, বৰবৰুৱা থানাৰ OC নীতু চাংমাই আৰু বগীবিলৰ IC জিতুপন দত্তৰ সহযোগত প্ৰথমে বগীবিল দলঙত নাকা তালাচী চলাই এখন বগা ৰঙৰ Tata Punch বাহন জব্দ কৰা হয়। বাহনখনৰ চালকৰ আসনৰ তলৰ পৰা ১০ বটল ক’ডেইনযুক্ত কফ ছিৰাপ, ১,৪২০ টকা নগদ ধন আৰু এটা OPPO মোবাইল ফোন উদ্ধাৰ কৰা হয়।

ইয়াৰ পিছতে লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে ধেমাজি আৰক্ষীৰ সহযোগত চিলাপথাৰৰ গান্ধীনগৰত থকা M/s Biswas Pharmacy-ত অভিযান চলায়। অভিযানত ফাৰ্মাচীখনৰ পৰা আৰু ৮৭ বটল ক’ডেইনযুক্ত কফ ছিৰাপ, ২,৮৫০ টকা নগদ ধন আৰু এটা Vivo মোবাইল ফোন জব্দ কৰে।

দুটা অভিযান মিলাই মুঠ ৯৭ বটল ক’ডেইনযুক্ত কফ ছিৰাপ, ৪,২৭০ টকা নগদ ধন, দুটা মোবাইল ফোন আৰু এখন বাহন জব্দ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register