লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদীৰ দৈনিক বজাৰৰ সাপ্তাহিক মংগলবৰীয়া বজাৰত লখিমপুৰ জিলা আবকাৰী বিভাগে অভিযান চলাই, বজাৰখনত মুকলিকৈ চলি থকা অবৈধ দেশী মদৰ বজাৰ উচ্ছেদ কৰে। লখিমপুৰ জিলা আবকাৰী পৰিদৰ্শক উদ্দীপ্ত ভাস্কৰ বৰাৰ নেতৃত্বত এটা বিশাল আবকাৰী দলে কালি সন্ধিয়া বজাৰখনত অভিযান চলাই কেইবাশ লিটাৰ দেশীয় চুলাই মদ বিনষ্ট কৰাৰ লগতে মদ বিক্ৰীত ব্যৱহৃত বাচন বৰ্তনো নষ্ট কৰে।
বগীনদীৰ সাপ্তাহিক মংগলবৰীয়া বজাৰত লখিমপুৰ আবকাৰী বিভাগৰ অভিযান, নষ্ট কৰিলে কেইবাশ লিটাৰ অবৈধ দেশী মদ
