চেঙা সমষ্টিৰ অন্তৰ্গত পশ্চিম খোলাবান্ধাৰ পৰা কাৰাইখাইতি বজাৰ সংযোগী এটা ব্যস্ত মুখ্য পথৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।অতি সোনকালে এই পথটোৰ মেৰামতি নকৰিলে অঞ্চলটোৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক ঘোৰ অন্ধকাৰলৈ ঠেলি দিয়াতো নিশ্চিত হৈ পৰিছে। প্ৰতিদিনে বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে এই যাত্ৰাত সন্মুখীন হ’বলগীয়া হয় এক নৰকীয় যন্ত্ৰণাৰ। জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে সামান্য বৰষুণতেই একো-একোটা পুখুৰী সদৃশ গাতৰ সৃষ্টি হয় লগতে বোকাপানীৰে ভৰি থকা ৰাস্তাৰে যাওঁতে পোছাক আৰু কিতাপ-পত্ৰ নষ্ট হোৱাটো নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে।
অভিভাৱকসকলেও এতিয়া সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰা অৱস্থা হৈছে। এনে এক পৰিস্থিতিত অকল যাতায়াতৰ অসুবিধাৰ বাবেই বহু ছাত্ৰ-ছাত্ৰী নিয়মীয়া শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।ৰাইজ আৰু শিক্ষাৰ্থীয়ে প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই এই পথটো পকী কৰণ বা মেৰামতিৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে।
পশ্চিম খোলাবান্ধাৰ পৰা কাৰাইখাইতি বজাৰ সংযোগী ৰাস্তাৰ পুতৌলগা অৱস্থা
