শিৱসাগৰ, ৭ ছেপ্টেম্বৰ: বলিয়াঘাটৰ যুৱক অভয় হাজৰিকা আৰু মানস দাসৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত সোমবাৰে শিৱসাগৰ সদৰ থানাৰ সন্মুখত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে।
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক লোক উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে যুৱক দুজনৰ মৃত্যুৰ আঁৰত কোনো ৰহস্য লুকাই আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীক সঠিক আৰু নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত সত্য উদঘাটনৰ দাবী জনায়।
বলিয়াঘাটৰ যুৱক দুজনৰ মৃতদেহ বেতবাৰীৰ দিচাং মাজগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা নলাৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
অভয় হাজৰিকা আৰু মানস দাসক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত সঠিকভাৱে আগবঢ়োৱা নাই বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে।
যুৱক দুজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটন কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পৰিয়ালক ন্যায় প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।
