চাপৰত ৰত্নপীঠ মহাবিদ্যালয় আমছুৰ নতুন গোট গঠনৰ উদ্দেশ্যে ১০ ছেপ্টেম্বৰত গুৰুত্বপূৰ্ণ সভা
বিশেষ সংবাদ, চাপৰ: আমছু (AAMSU)-ৰ বিলাসীপাৰা জিলা শাখাৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ পূৰ্বৰ আমছু গোটটো ভংগ কৰি নতুনকৈ গোট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে অহা ১০ ছেপ্টেম্বৰত পুৱা ১১ বজাত এক গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছে।
মহামায়া কনফাৰেন্স হলত অনুষ্ঠিত হ’বলগীয়া এই সভাত বিলাসীপাৰা জিলা আমছুৰ সকলো বিষয়ববীয়াক যথাসময়ত উপস্থিত থাকিবলৈ ৰত্নপীঠ মহাবিদ্যালয় আমছু গোটৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ জনোৱা হৈছে। উক্ত সভাতে নতুন কাৰ্যকৰী সমিতিখন ঘোষণা কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
