বহু সংখ্যক যুৱকৰ সৈতে অসমীয়া যুৱ মঞ্চ ত্যাগ কৰি বীৰ লাচিত সেনাত যোগদান বিষ্ণু শইকীয়াৰ

শিৱসাগৰ: শিৱসাগৰত বীৰ লাচিত সেনা, অসমৰ এক যোগদান কাৰ্যসূচীক কেন্দ্ৰ কৰি দেখা গ’ল ব্যাপক উৎসাহ। অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক বিষ্ণু শইকীয়াই সংগঠনটোৰ পৰা পদত্যাগ কৰি বহু সংখ্যক যুৱকৰ সৈতে বীৰ লাচিত সেনা, অসমত আনুষ্ঠানিকভাৱে যোগদান কৰে।

 

বিষ্ণু শইকীয়াসহ যুৱকসকলে ASTC তিনিআলিৰ পৰা এক বৃহৎ ৰেলীৰে KP চাৰিআলিত উপস্থিত হয়। ইয়াৰ পিছতে বীৰ লাচিত সেনা, অসমৰ প্ৰশাসনিক সচিব তথা নেতা শৃংখল চলিহাই অসমীয়া যুৱ মঞ্চৰ প্ৰাক্তন নেতাগৰাকীক আদৰি লয়।

 

KP চাৰিআলিত বীৰ লাচিত সেনা, অসমে আয়োজন কৰা যোগদান কাৰ্যসূচীত বিষ্ণু শইকীয়াই আনুষ্ঠানিকভাৱে সংগঠনটোত যোগদান কৰে। তেওঁৰ সৈতে কেইবাগৰাকীও যুৱকে সংগঠনটোত যোগদান কৰা বুলি জানিব পৰা গৈছে।

 

এই যোগদান কাৰ্যসূচীক লৈ বীৰ লাচিত সেনাৰ কৰ্মী-সমৰ্থকৰ মাজত উৎসাহ পৰিলক্ষিত হয়।

Leave a Reply

BP NEWS Live
Logo Friday, 2 October 2026
Login / Register