১৪, ১৫ আৰু ১৬ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ অঞ্চলৰ লগতে নাজিৰা অঞ্চলতো ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে ভক্তিভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। বিভিন্ন পূজা স্থানত শ্ৰী শ্ৰী গণেশ ভগৱানৰ প্ৰতিমা স্থাপন কৰি পূজা-অৰ্চনাৰ আয়োজন কৰা হৈছে। পূজা স্থানসমূহত শ্ৰী শ্ৰী গণেশ ভগৱানৰ আশিস লাভৰ উদ্দেশ্যে অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়। ভক্তসকলে শ্ৰদ্ধা আৰু ভক্তিৰে পূজা-অৰ্চনাত অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ নাজিৰা অঞ্চলতে এক ধৰ্মীয় তথা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
সমগ্ৰ অঞ্চলৰ লগতে নাজিৰা অঞ্চলতো গণেশ চতুৰ্থী উদযাপন
