নগৰবেৰাৰ টুপামাৰী বজাৰত বলিয়া শিয়ালৰ আতংক

কামৰূপৰ ছমৰীয়া সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰী বজাৰত বলিয়া শিয়ালৰ আতংক। শিয়ালৰ আক্ৰমণত আহত এজন যুৱক, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিয়ালে আক্ৰমণ কৰা যুৱকজন ৰফিজুল হক সৰকাৰ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰবিবাৰে নিশা টুপামাৰী বজাৰত কেৰম খেলি থকা যুৱকজনক ভিৰৰ মাজত হঠাৎ দূৰৰ পৰা এটা শিয়াল দৌৰি গৈ যুৱকজনক আক্ৰমণ কৰে শিয়ালটোয়ে। লগে লগে হুৱাদুৱা লাগে বজাৰত। আক্ৰমণত যুৱকজনৰ হাতত আৰু গুপ্তাংগত আঘাত প্ৰাপ্ত হয়। আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসা প্ৰদান কৰাৰ ফলত কথমপি ৰক্ষা পৰে। ইফালে কিছুসময় পাছতে এই বলিয়া শিয়ালটো পথচাৰীৰ বাহনৰ তলত পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰে।

Leave a Reply

BP NEWS Live
Logo Monday, 21 September 2026
Login / Register