ডিব্ৰুগড়ৰ লাহোৱাল আলিমূৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এখন গাড়ী আৰু এখন স্কুটীৰ মাজত হোৱা সংঘৰ্ষত এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোকসকল উপস্থিত হয়। আহত লোকজনক সহায় কৰাৰ লগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱালৈকে স্থানীয় ৰাইজে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাখে।
দুৰ্ঘটনাৰ ফলত পথছোৱাত কিছু সময়ৰ বাবে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰে।
আহত লোকজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু গাড়ী-স্কুটীখনৰ চালকৰ বিষয়ে আৰক্ষীৰ তদন্তৰ পিছতহে অধিক তথ্য পোহৰলৈ আহিব।
