মৰাণ জুনিয়ৰ কলেজে গৌৰৱোজ্জ্বল ২৫ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। এই উপলক্ষে কলেজখনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখন সংবাদমেল অনুষ্ঠিত কৰা হয়।
সংবাদমেলত ৰূপালী জয়ন্তী উদযাপনৰ বিভিন্ন কাৰ্যসূচী, প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰা হয়। কলেজখনৰ ২৫ বছৰীয়া যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা শুভাকাংক্ষীসকলক এই উদযাপনৰ সৈতে জড়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ইয়াৰ লগতে ৰূপালী জয়ন্তী উদযাপনক কেন্দ্ৰ কৰি এটা বিশেষ ফেচবুক পেজো মুকলি কৰা হয়। এই পেজৰ জৰিয়তে অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী, জাননী আৰু শেহতীয়া তথ্যসমূহ ৰাইজৰ মাজলৈ আগবঢ়োৱা হ’ব।
ৰূপালী জয়ন্তী উদযাপনক লৈ মৰাণ জুনিয়ৰ কলেজৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। কলেজখনৰ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰাক স্মৰণীয় কৰি তোলাৰ লক্ষ্যৰে ইতিমধ্যে বিভিন্ন পৰ্যায়ত প্ৰস্তুতি অব্যাহত আছে।
