ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক বিশেষ Induction Programmeৰ জৰিয়তে বিশ্ববিদ্যালয়খনলৈ অহা ৬৪গৰাকী আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ ভিতৰত এইবাৰ নতুনকৈ নামভৰ্তি কৰা ২০গৰাকী শিক্ষাৰ্থী আছে।
আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ চুবুৰীয়া নেপাল, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামৰ শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
বিশ্ববিদ্যালয়খনৰ Office of International Affairsৰ সঞ্চালক অধ্যাপক সুৰজিৎ বৰকটকীয়ে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলক আদৰণি জনায়। আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ মাজত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰমবৰ্ধমান আকৰ্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ বিষয়টো উল্লেখ কৰে।
অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষা ব্যৱস্থা, ICCR আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনা, লগতে হোষ্টেলৰ নিয়ম-নীতি সন্দৰ্ভত বিভিন্ন অভিমুখীকৰণমূলক অধিৱেশন অনুষ্ঠিত কৰা হয়।
ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলে নিজ নিজ দেশৰ বৈচিত্ৰময় সংস্কৃতি আৰু পৰম্পৰা প্ৰতিফলিত কৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি কাৰ্যসূচীটো অধিক আকৰ্ষণীয় কৰি তোলে।
এই Induction Programme-এ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যক এক সুন্দৰ ৰূপত প্ৰতিফলিত কৰে।
