KACHUA CONG ELECTION CAMPING
*ৰহা সমষ্টিৰ কচুৱাত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ*
- *হাজাৰ বাধা আহিলেও, ক’লা পতাকা দেখুৱালেও কংগ্ৰেছ আগুৱাই যাবই*
*ভোট চোৰ, গাদী চোৰ শ্লোগান”ৰে সৰৱ গৌৰৱ গগৈ*
ANCHOR=৯ নং নগাঁও লোকসভাৰ উপ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰহা সমষ্টিৰ কচুৱাত কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ গৌৰৱ গগৈৰ । হাজাৰ বাধা আহিলেও প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক গৌৰৱ গগৈয়ে তীব্ৰ সমালোচনা কৰি তেওঁলোকক ভোট চোৰ আখ্যা দিয়ে । তেওঁ কয় যে, নিৰ্বাচনত জিকিবলৈ বিজেপিয়ে যিকোনো কাম কৰিব পাৰে আৰু ইতিমধ্যে শিবামণি বৰালৈ পাথৰ দলিয়াইছে । জনসমূদ্ৰত পৰিণত হোৱা সভাখনত বিজেপি ভয়াতুৰ দল বুলি কটাক্ষ কৰি আজি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টোপনী নাহিব বুলি মন্তব্য কৰে গৌৱৰ গগৈয়ে । যোৱা বিধানসভা নিৰ্বাচনত অসমত ভোট চোৰ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিছে বুলি মন্তব্য কৰাৰ লগতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে বিজেপি চৰকাৰৰ হৈ কাম কৰি আছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰক প্ৰশংসা কৰি ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে ৷
Byte=গৌৱৰ গগৈ ৷
প্ৰচাৰ সভাখনত উপস্থিত থাকি AICC সম্পাদক মনোজ চৌহানে ভাষন প্ৰসংগত কয় যে, যিখন দেশত মহিলা সকলক পূজা কৰা হয় সেইখন দেশত নাৰীক শিলগুটি দলিয়াই অসন্মান কৰা দিনাই শিৱামনি বৰা জয়ী হৈছে ৷ আনহাতে কেন্দ্ৰীয় নিৰ্বাচনী বিষয়াক ব্যৱহাৰ কৰি ভোট চোৰ কৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিটো নিৰ্বাচন জয়ী হৈ আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ প্ৰচাৰ সভাখনত দেৱব্ৰত শইকীয়া, মনোজ চৌহান, পৰ্বত যোৰা বিধায়ক আশ্রফুল ইছলাম, পৰ্যবেক্ষক আৰমান আলী, প্ৰাক্তন বিধায়ক জয়ন্ত খাউণ্ডকে ধৰি বহু নেতা উপস্থিত থাকি কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷
