দুলীয়াজানত অসম সাহিত্য সভাৰ ৭৮সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি

অসম সাহিত্য সভাৰ ৭৮সংখ্যক দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশন সৰ্বাংগসুন্দৰ আৰু স্মৰণীয় কৰি তোলাৰ লক্ষ্যৰে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে আদৰণি সমিতিয়ে।

অধিৱেশনৰ প্ৰস্তুতি, বিভিন্ন কাৰ্যসূচীৰ ৰূপৰেখা আৰু আগন্তুক দিনৰ পৰিকল্পনাক লৈ ডিব্ৰুগড় সমিতিৰ উদ্যোগত ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত অধিৱেশনখন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন দিশত আলোচনা কৰা হয়। বিশেষকৈ অতিথি আদৰণি, প্ৰতিনিধিৰ ব্যৱস্থা, অনুষ্ঠানস্থলীৰ প্ৰস্তুতি, সাংস্কৃতিক কাৰ্যসূচী আৰু সামগ্ৰিক পৰিচালনা আদি বিষয়ক লৈ মত-বিনিময় কৰা হয়।

অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ অন্যতম বৃহৎ মঞ্চ অসম সাহিত্য সভাৰ এই অধিৱেশনক লৈ ইতিমধ্যে দুলীয়াজানত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। অধিৱেশনখন সফল কৰি তুলিবলৈ আদৰণি সমিতিৰ লগতে বিভিন্ন উপ-সমিতিসমূহে নিজ নিজ দায়িত্বত তৎপৰতা বৃদ্ধি কৰিছে।

আগন্তুক দিনত অধিৱেশনক কেন্দ্ৰ কৰি বৃহৎ পৰিসৰত প্ৰস্তুতি আৰু সাংগঠনিক তৎপৰতা অব্যাহত থাকিব বুলি সভাত জানিবলৈ দিয়া হয়।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register