ডিব্ৰুগড়ৰ লেকাইত চাঞ্চল্য!

দুই হাত মাটি লৈ বিবাদ—মহিলাক অপদস্থ কৰাৰ অভিযোগত ৰাইজৰ ৰোষত পিতা-পুত্ৰ

ডিব্ৰুগড়ৰ লেকাইত চৰকাৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা গাঁৱৰ পথক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিস্থিতি। গাঁৱৰ পথটোৰ বাবে অহা প্ৰায় দুই হাত মাটি এজন লোকৰ মাটিৰ কাষেৰে পাৰ হৈ যোৱাৰ পিছতে সৃষ্টি হয় এই বিবাদ।

অভিযোগ অনুসৰি, পথ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা মাটিখিনি লৈ পিতা-পুত্ৰৰ সৈতে এগৰাকী মহিলাৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত মহিলাগৰাকীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হোৱাত বিষয়টোৱে গুৰুতৰ ৰূপ লয়।

ঘটনাৰ পিছত গাঁৱৰ ৰাইজে পিতা-পুত্ৰক পথ নিৰ্মাণৰ স্বাৰ্থত মাটি এৰি দিবলৈ আহ্বান জনায়। ৰাইজৰ হেঁচাত অৱশেষত তেওঁলোকে মাটি এৰি দিয়াত সন্মতি প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে।

সামান্য পৰিমাণৰ মাটিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিবাদে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে সমগ্ৰ ঘটনাক লৈ দুয়োপক্ষৰ বক্তব্য আৰু প্ৰকৃত পৰিস্থিতি অধিক স্পষ্ট হোৱাটো এতিয়াও বাকী।

Leave a Reply

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register