তিনিচুকীয়া-ডিব্ৰুগড়ত কেঁচা চাহপাতৰ দামৰ বৃহৎ তাৰতম্য কিয়? NOCক লৈও উত্থাপিত প্ৰশ্ন
অৰুণাচল প্ৰদেশৰ পৰা অহা কেঁচা চাহপাতক কেন্দ্ৰ কৰি অসমৰ চাহ উদ্যোগত সৃষ্টি হৈছে নতুন বিতৰ্ক। বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত কেঁচা চাহপাতৰ দামৰ মাজত দেখা দিয়া তাৰতম্যই উত্থাপন কৰিছে একাধিক প্ৰশ্ন।
কেঁচা চাহপাতৰ ক্ষেত্ৰত NOC কিয় প্ৰয়োজন, ইয়াৰ উদ্দেশ্য কি আৰু ইয়াৰ প্ৰভাৱ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত কেনেদৰে পৰিছে—এই বিষয়সমূহক লৈও চৰ্চা অব্যাহত আছে।
আনহাতে, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ভূমিকা আৰু কৰণীয় কি, সেই বিষয়েও উত্থাপন হৈছে প্ৰশ্ন।
কেঁচা চাহপাতৰ দামৰ তাৰতম্যৰ আঁৰৰ কাৰণ, অৰুণাচলৰ কেঁচা চাহপাতৰ প্ৰভাৱ, NOCৰ প্ৰয়োজনীয়তা আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাকে ধৰি সকলো দিশ সামৰি মংগলবাৰে সম্প্ৰচাৰিত হ’ব এক সম্পূৰ্ণ প্ৰতিবেদন।
