পাটনাত ডিব্ৰুগড়ৰ দৌৰবিদৰ দপদপনি!

পাটনাত ৩৭সংখ্যক ইষ্ট জ’ন এথলেটিকছ চেম্পিয়নশ্বিপত একাধিক পদক অৰ্জন

বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত ৩৭সংখ্যক ইষ্ট জ’ন এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৬ত উজলি উঠিল ডিব্ৰুগড় জিলাৰ যুৱ এথলেটসকল।

প্ৰতিযোগিতাখনত ডিব্ৰুগড় জিলা দলটোৱে বিভিন্ন শাখাত কেইবাটাও পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।

Under-18 Mixed Relay শাখাত মাসুম আলী, হিমাংশু দাস আৰু সিংধানুভৱ খাখলাৰীয়ে দলটোৰ হৈ অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰে।

আনহাতে, Under-18 মহিলা শাখাত বৃষ্টি গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। লগতে Under-20 পুৰুষৰ 4×100 মিটাৰ ৰিলেত ময়ূৰ বেজবৰুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰি ডিব্ৰুগড়ৰ পদকৰ তালিকাত আৰু এটা সফলতা সংযোজন কৰে।

ইষ্ট জ’ন পৰ্যায়ৰ এই সাফল্যই ডিব্ৰুগড় জিলাত গঢ় লৈ উঠা নতুন এথলেটিকছ প্ৰতিভাৰ উজ্জ্বল সম্ভাৱনাৰ লগতে জ’নেল পৰ্যায়ত তেওঁলোকৰ ক্ৰমবৰ্ধমান উপস্থিতিৰ পৰিচয় দাঙি ধৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register