কামপুৰ ক্ৰীড়া সন্থা উদ্যোগত স্বৰ্গীয় যুগল প্ৰসাদ গোস্বামীদেৱৰ পৱিত্ৰ স্মৃতিত আয়োজিত আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আজি তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।
এই শুভাৰম্ভণি অনুষ্ঠানত মাননীয় কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা উপস্থিতিয়ে খেলুৱৈসকলক উৎসাহিত কৰে । ক্ৰীড়াৰ জৰিয়তে যুৱসমাজক উৎসাহিত কৰা আৰু স্বৰ্গীয় যুগল প্ৰসাদ গোস্বামীদেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ এই প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়।
