নাজিৰাত ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলা গণ সংগঠনসমূহৰ যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ধৰ্মঘটকাৰীসকলে ONGCৰ অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণ তৎকালে বন্ধ কৰাৰ দাবী উত্থাপন কৰে। লগতে অসম সম্পদৰ অন্যান্য তৈলক্ষেত্ৰ আৰু ৰিগসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ কাৰ্য বন্ধ কৰা, অসম সম্পদৰ বিভিন্ন খালী পদত অঞ্চলটোৰ শিক্ষিত থলুৱা নিবনুৱাক শীঘ্ৰে নিযুক্তি প্ৰদান কৰা আৰু হাতীপটি তৈলক্ষেত্ৰৰ বাবে আহ্বান কৰা নিবিদা অনতিপলমে প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।
ইয়াৰ উপৰি শেহতীয়া বান প্ৰলয়ত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহাৰ্য আৰু বিধ্বস্ত বাট-পথ পুনৰ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবীও উত্থাপন কৰে সংগ্ৰামী মঞ্চই।
বিভিন্ন দাবীক কেন্দ্ৰ কৰি গ্ৰহণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শিৱসাগৰ জিলাৰ গণ সংগঠনসমূহৰ প্ৰতিনিধি আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে পৰৱৰ্তী সময়ত অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগ্ৰামী মঞ্চই।
