লখিমপুৰৰ বগীনদীত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ পুত্তলিকা দাহেৰে গণতন্ত্ৰ ৰক্ষা সপ্তাহ কাৰ্যসূচী কংগ্ৰেছৰ।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্দেশত দেশজুৰি গণতন্ত্ৰ ৰক্ষা সপ্তাহ কাৰ্যসূচী ৰূপায়ন হৈ থকা সময়তে আজি বগীনদীত কংগ্ৰেছ দলে গণতন্ত্ৰ ৰক্ষা সপ্তাহ কাৰ্যসূচী ৰূপায়ন কৰে। বগীনদী ব্লক কংগ্ৰেছৰ সভাপতি বলীন তামুলিৰ নেতৃত্বত বগীনদী ব্লক কংগ্ৰেছৰ কাৰ্যলয়ত এই কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছ দলে। এই সময়ছোৱাত কংগ্ৰেছ কৰ্মীসকলে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মুলতঃ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক নস্যাৎ কৰি শাসকীয় পক্ষত থাকি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে ভোট চুৰি কৰা অভিযোগ তুলি কংগ্ৰেছ দলে দেশজুৰি এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। এই কাৰ্যসূচীত বগীনদী ব্লকৰ অৰ্ধশতাধিক কৰ্মী সকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য পদ্মেশ্বৰ পামেগামে অংশগ্ৰহণ কৰে।

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register