লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ্য কৰ্মচাৰী মুহিৰাম সোনোৱাল, ক আজি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। চিয়াজুলি পঞ্চায়তৰ উদোগত, পঞ্চায়ত কাৰ্যলয়ত অৱসৰপ্ৰাপ্ত কৰ সংগ্ৰাহক গৰাকীক বিদায়ী সম্বৰ্ধনা জনাই পঞ্চায়তৰ কৰ্মচাৰী সকলে। সভানেত্ৰী ধনমায়া গুৰুঙৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ আঁত ধৰে পঞ্চায়তৰ সচিব নিতুল সোনোৱালে। অনুষ্ঠানত যোৱা ৩১ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰি দায়িত্বৰ পৰা অব্যাহতি লোৱা বিদায়ী কৰ্মচাৰী গৰাকীক, ফুলাম গামোচা, চেলেংচাদৰ, সঁফুৰা, মানপত্ৰ আৰু ধৰ্মগ্ৰন্থৰে বিদায় সম্ভাষন জনাই পঞ্চায়তৰ কৰ্মচাৰী সকলে। অনুষ্ঠানত স্থানীয় সমাজকৰ্মী মুক্তিনাথ ছেত্ৰী, পুণ্য প্ৰসাদ উপাধ্যায়ৰ লগতে পঞ্চায়তৰ উপ সভাপতি ডিকেন কেৰুৱা, কণিষ্ঠ অভিযন্তা বিতুপন সোনোৱাল, নিমন্ত্ৰত অতিথি ননগেন হাজৰিকাকে ধৰি অন্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
চিয়াজুলি পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ্য কৰ্মচাৰী মুহিৰাম সোনোৱাল, ক বিদায় সম্বৰ্ধনা ।
