গৰৈমাৰীত আমছুৰ মানৱ শৃংখল কাৰ্যসূচীঃ
দক্ষিণ কামৰূপ জিলা আমছুৰ উদ্যোগত গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আজি ৰাজ্যজুৰি পালন কৰা মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে ৬ দফীয়া দাবীৰে আমছুৱে হাতত লয় এই কাৰ্যসূচী।তাৰে ভিতৰত D-Voter ৰ সমস্যা, SR বিসংগতি, ভোটাৰ তালিকা সংশোধন, সমষ্টি পুনৰ নিৰ্ধাৰনত বিসংগতি দুৰ কৰাকে ধৰি কেবাটাও দাবীৰে ৰাজ্য চৰকাৰৰ মূখ্য সচীবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলা কমিটিৰ সভাপতি আমিনুল ইছলাম, সম্পাদক ইমৰান হক আৰু কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক আবুল কালাম আজাদে নেতৃত্ব লয়।
