কচুৱাৰ বিৰিঙাআটিত এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা
৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলটোৰ নেতৃত্বৰ।
দিনে নিশাই সমষ্টিটোৰ চুকে-কোণে চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান।
সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এ আই ইউ ডি এফ দলৰ নেতা কৰ্মীয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।
আজি সংসদীয় সমষ্টিটোৰ অন্তৰ্গত কচুৱাৰ গেৰজাইপাম পঞ্চায়তৰ অন্তৰ্গত বিৰিঙাআটিত এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।
লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই।
আজিৰ নিৰ্বাচনী সভাত এ আই ইউ ডি এফ দলৰ ৰহা সমষ্টিৰ তত্বাৱধায়ক আব্দুল হাই, এ আই ইউ ডি এফ দলৰ জেষ্ঠ্য কৰ্মী ইছমাহিল আলী, তাফাজুল ইছলাম, সহ অঞ্চলটোৰ বহু এ আই ইউ ডি এফ দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
সভাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক বিপুল ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই।
সভাত বিজেপি আৰু কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে এ আই ইউ ডি এফ দলৰ নেতা কৰ্মীয়ে সকলে।
