ডিব্ৰুগড় পৌৰ নিগমে Shrishti আৰু Pourosakhi-ৰ সহযোগত ৭ ছেপ্টেম্বৰত ১৮ নং ৱাৰ্ডৰ নলীয়াপুল বজাৰত আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত এখন IPC (Interpersonal Communication) অধিৱেশন অনুষ্ঠিত কৰে। এই অধিৱেশনত ২০ গৰাকী দোকানীয়ে অংশগ্ৰহণ কৰে।
অধিৱেশনখনত আৱৰ্জনা সঠিকভাৱে পৃথকীকৰণ, দায়িত্বশীলভাৱে আৱৰ্জনা নিষ্কাশন, য’তে-ত’তে আৱৰ্জনা পেলোৱাৰ প্ৰৱণতা হ্ৰাস কৰা আৰু বজাৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন তথা স্বাস্থ্যসন্মত কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
