টুপামাৰী (কড়িতলা) বজাৰৰ কদৰ্যতাই জ্বলাকলা খুৱাইছে ৰাইজক, ব্যৱস্থা গ্ৰহণৰ দাবী

filter: 0; fileterIntensity: 0.0; filterMask: 0; brp_mask:0; brp_del_th:null; brp_del_sen:null; delta:null; module: photo;hw-remosaic: false;touch: (-1.0, -1.0);sceneMode: 8;cct_value: 0;AI_Scene: (-1, -1);aec_lux: 0.0;aec_lux_index: 0;albedo: ;confidence: ;motionLevel: -1;weatherinfo: null;temperature: 41;

কামৰূপৰ নৱ গঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ টুপামাৰী (কড়িতলা) বজাৰ খনৰ কদৰ্যময় পৰিবেশে ৰাইজক আমুৱাইছে। ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ টুপামাৰী জলকীয়া বজাৰৰ পুতি দুৰ্গোন্ধময় পৰিবেশত দোকানী-ব্যৱসায়ীৰ লগতে অঞ্চলবাসী ৰাইজে অতিষ্ঠ হৈ পৰিছে। সাধাৰণ এজাক বৰষুণতেই বোকা-পানীৰে লুতুৰি পুতুৰি হৈ পৰে বজাৰৰ অলি-গালিবোৰ, মানুহ লৰচৰ কৰিব নোৱাৰা পৰ্যন্ত পৰিবেশ হয়। কদৰ্যময় পৰিবেশে বজাৰ খনলৈ অশণি সংকেত নমাইছে। এই ক্ষেত্ৰত সংশ্লিষ্ট বজাৰ কমিটি কিম্বা স্থানীয় প্ৰশাসনৰ উদাসীনতা দেখিহে সকলোৰে চকু কপালত উঠিছে। ৰাজকোষলৈ বছৰেকত লাখ-লাখ টকা ৰাজহ সংগ্ৰহ হোৱা টুপামাৰীৰ বজাৰ খনৰ এনে পৰিবেশে বাৰুকৈয়ে বজাৰ পৰিচালনা সমিতি তথা বিভাগটোৰ ফোপোলা স্বৰূপ উদঙাইছে। চৰকাৰে লাখ লাখ টকা খৰচ কৰি নলা নিৰ্মাণ কৰাৰ পিছতো কোনো পৰিবৰ্তন। নলা নিৰ্মাণৰ পিছত বৰষুণৰ পানী নলাৰ পৰিবৰ্তে নলাৰ পৰা বজাৰৰ অলি গলিত ওলাই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। কিয়নো মথাউৰিৰ পৰা বহু তলত অৱস্থিত বজাৰ খনত বৰষুণত জমা হোৱা পানী খিনি নলাৰ সহায়ত উলিয়াব নোৱাৰিলে এই সমস্যা আঁতৰ হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি সকলোৰে ধাৰণা। মাছ বজাৰৰ গলিত পানী জমা হৈ থকাত সম্প্ৰতি দুৰ্গন্ধ হৈ পৰিবেশ নষ্ট হৈ পৰিছে। আগলৈ বজাৰৰ পুতি দুৰ্গোন্ধময় পৰিবেশ আৰু কদৰ্যতা দূৰ নকৰিলে বজাৰ খনৰ গৰিমা ম্লান হোৱাই নহয় দোকানী-ব্যৱসায়ীৰ লগতে অঞ্চলবাসী খেতিয়কৰ উৎপাদিত সামগ্ৰী বিক্ৰীত জটিলতা নমাটো একপ্ৰকাৰ নিশ্চিত। ৰাইজে বজাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ দাবী জনাইছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register