নগৰবেৰাৰ মন্দিৰাত নিষিদ্ধ মাংসক লৈ ৰাইজৰ প্ৰতিবাদ, দুজনক আটক

  • নগৰবেৰাৰ মন্দিৰাত নিষিদ্ধ মাংসক লৈ ৰাইজৰ প্ৰতিবাদ, দুজনক আটক। ৱাইন চপ’ৰ গইনা লৈ হিন্দু বসতিৰ গাঁৱত গঢ়ি উঠিছে নিষিদ্ধ (গোমাংস) মাংসৰ ৰমৰমীয়া ব্যৱসায়। আজি হাতে-লোটে নিষিদ্ধ মাংস সহ দুজনক আটক কৰি আৰক্ষীক গটায় আৰু ৰাইজে ন্যায় বিচাৰি সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ৷ নগৰবেৰাৰ মন্দিৰাত হিন্দু গাঁৱৰ BK ৱাইন চপ’ত নিষিদ্ধ মাংসক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ। নিষিদ্ধ মাংস বন্ধ কৰক, ৱাইন চপ বন্ধ কৰক, আমাক ন্যায় লাগিবই আদি প্ৰতিবাদী শ্ল’গানত উত্তাল হৈ পৰে গাঁৱখনৰ পৰিবেশ। জানিব পৰা মতে-মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰীৰ ক্ৰমে-ছাদুল্লাহ আৰু ময়নুল ইছলাম নামৰ দুজনে হিন্দু গাঁৱখনৰ মাজত থকা ৱাইন শ্বপৰ চৌহদত মজুত ৰাখিছিল ৪০ কিঃলোঃ পৰিমাণৰ এই নিষিদ্ধ মাংস৷ ইয়াৰ পাছতে সৃষ্টি হয় এক হূলস্থূলীয়া পৰিৱেশৰ৷ ৰাইজে দুয়োকো জৱাবদিহি কৰি মাংস সহ আৰক্ষীক গটায় দিয়ে৷ বিষয়টোক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে গাঁৱখনৰ পৰিবেশ ৰাজপথলৈ ওলাই আহে গাঁৱৰ সকলো পুৰুষ-মহিলা৷

Leave a Reply

BP NEWS Live
Logo Friday, 11 September 2026
Login / Register