নগৰবেৰাৰ পাহাৰপাৰাৰ মন্দিৰত এসপ্তাহত তিনিবাৰকৈ চুৰিকাণ্ড দুৱাৰৰ তলা ভাঙি নগদ ধন, মূল্যৱান সা-সামগ্ৰী লুটপাত দুৰ্বৃত্তৰ

কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপাৰাৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানৰ মূল মন্দিৰত যোৱা এসপ্তাহৰ ভিতৰত তিনিবাৰকৈ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে যোৱা ৬ আৰু ৭ ছেপ্টেম্বৰৰ নিশা চোৰে শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানৰ মূল মন্দিৰটোৰ দুৱাৰৰ তলা ভাঙি প্ৰণামীৰ ধন ৫ হাজাৰ টকাৰ লগতে আনুমানিক ৩০ হাজাৰ টকা মূল্যৰ টৌ তিনিটা, শৰাই এখন, টিলিঙা সৰু দুটা, পুজাৰীৰ বেলপাত আৰু কাঁহৰ কাহি আদি সা-সামগ্ৰী

লুটি নিয়ে। শেহতীয়াকৈ পুনৰ যোৱা নিশা মন্দিৰটোৰ লোহাৰ দৰ্জা ভাঙি চোৰে পুনৰ পুষ্পথালি, প্ৰণামী কৰা শৰাই, পইচা থোৱা শৰাই, মন্দিৰৰ ভিতৰত খুলি থোৱা টিলিঙা এটা আদি চুৰি কৰি নিয়ে। ইতিমধ্যে এনে চুৰি কাণ্ড সন্দৰ্ভত শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান উন্নয়ন কমিটিৰ সভাপতি আনন্দ দাস আৰু সম্পাদক দ্বীপেন মেধিয়ে নগৰবেৰা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে। স্থানীয় ভক্তপ্ৰাণ ৰাইজে ধৰ্মীয় অনুষ্ঠানটিত ধাৰাবাহিক সংঘটিত চুৰিকাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

Leave a Reply

BP NEWS Live
Logo Saturday, 12 September 2026
Login / Register