চেঙাৰ নিৰালাচৰত ভয়ংকৰ অগ্নিকাণ্ড। প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষয় ক্ষতি

বৰপেটাৰ জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নিচানৰচৰ গাঁৱত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ ৰহিম বাদশ্বাৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত লোকজনৰ গোহালি ঘৰটো সম্পূৰ্ণৰূপে ভস্মিভূত হয়। অগ্নিকাণ্ডত গোহালিত থকা চাৰিটা গো-ধন বেয়াকৈ অগ্নিদগ্ধ হৈছে । সন্ধিয়া গোহালিত দিয়া ধোঁৱাৰ জাৱৰৰ পৰাই অগ্নি সংযোগ হোৱা বুলি ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। অগ্নিকাণ্ডত প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে দৰিদ্ৰ পৰিয়ালটোৰ।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register