ছমৰীয়াৰ কুচিয়াদিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি সংঘাত, কেইবাজনো আহত

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত কুচিয়া দিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। সংঘাতৰ সময়ত মাৰপিটৰ ঘটনা সংঘটিত হোৱাত পুৰুষ-মহিলাসহ কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।প্ৰাপ্ত তথ্য অনুসৰি, কুচিয়া দিয়া পথাৰ গাঁৱৰ চৰকাৰী ভূমিৰ ভোগ-দখলক কেন্দ্ৰ কৰি সংশ্লিষ্ট পক্ষসমূহৰ মাজত দীৰ্ঘদিন ধৰি মতানৈক্য চলি আহিছিল। ভূমিখনৰ ভোগ-দখল আৰু হস্তান্তৰক লৈ একাংশ দেৱানী-মাতব্বৰৰ বিৰুদ্ধে ধনৰ লেনদেনৰ অভিযোগ উত্থাপিত হৈছে।ইফালে, দীৰ্ঘদিন ধৰি ভোগ-দখলত থকা বুলি দাবী কৰা ভূমিত নাছিৰ উদ্দিন পক্ষৰ লোকসকলে প্ৰৱেশ বা দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি নাছিৰ উদ্দিন আৰু আকবৰ আলী পক্ষৰ মাজত প্ৰথমে বাক-বিতণ্ডা আৰু পৰৱৰ্তী সময়ত মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।ঘটনাত আকবৰ আলী পক্ষৰ মোবাৰক হুছেইন, আফজাল হক, আব্দুল্লাহ আহমেদ, আশ্ৰাফুল ইছলাম, ৰফিউল হুছেইন, অমৰ আলী, ছমেৰ আলী, আমেলা খাতুন, ছানিয়াৰা খাতুন, মমতাজ বেগম আৰু আল্লাদি আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে।ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পক্ষই সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।চৰকাৰী ভূমি সম্পৰ্কীয় বিবাদ আইনগত প্ৰক্ৰিয়াৰে নিষ্পত্তি কৰাৰ লগতে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলে।

প্ৰেৰকঃ আবুল হাসেম, ছমৰীয়া।
ফটো দিছোঁ।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register