প্ৰেছ ইনফৰ্মেচন ব্যুৰো, ৰ উদ্যোগত লখিমপুৰত, নিচামুক্ত ভাৰত, পোষণ অভিযান, ৰ বাৰ্তা শীৰ্ষক সাংবাদিক কৰ্মশালা সম্পন্ন।

প্ৰেছ ইনফৰ্মেচন ব্যুৰো গুৱাহাটী ৰ উদ্যোগত বাৰ্তা শীৰ্ষক কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ সাংবাদিক সকলক লৈ অনুষ্ঠিত হয় এই কৰ্মশালা।
জিলাৰ আৱৰ্ত ভৱনৰ পেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাৰ জৰিয়তে মুলতঃ চৰকাৰে গ্ৰহণ কৰা নিচামুক্ত ভাৰত আৰু পোষণ অভিযান, ক সংবাদ মাধ্যম তথা সাংবাদিকৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰে প্ৰেছ ইনফৰ্মেচন ব্যুৰো এ। প্ৰেছ ইনফৰ্মেচন ব্যুৰো, ৰ ডিব্ৰুগড়ৰ ক্ষেত্ৰ বিষয়া নৱল কিশোৰৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা কৰ্মশালাৰ উদ্ধোধন কৰে লখিমপুৰ জিলা উন্নয়ন আয়ুক্ত মনোৰঞ্জন পায়েঙে।
কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত হৈ লখিমপুৰৰ শিশু উন্নয়ন প্ৰকল্প সঞ্চালক স্বপনীল কটকী য়ে পোষণ অভিযানৰ ওপৰত বক্তব্য দিয়াৰ লগতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিশেষজ্ঞ পল্লৱ ভট্টাচাৰ্য্যই মাদকদ্ৰব্যৰ সেৱনৰ ভয়াবহতা আৰু নিচামুক্ত ভাৰত সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

 

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register