ডিব্ৰুগড়ৰ ৰেড ক্ৰছ ৰোডত পুৱাই অঘটন!

জল জীৱন মিছনৰ কামৰ বাবে খন্দা গাঁতত সোমাল পলস ভৰ্তি ডাম্পাৰ

ডিব্ৰুগড়ৰ ৰেড ক্ৰছ ৰোডত পুৱাই সংঘটিত হয় এক অঘটন। জল জীৱন মিছনৰ কামৰ বাবে খন্দা গাঁতত সোমাই পৰে পলস ভৰ্তি এখন ডাম্পাৰ।

জানিব পৰা মতে, পলস কঢ়িয়াই নিয়া ডাম্পাৰখন পথটোৰে গৈ থকা সময়তে হঠাতে গাঁতত সোমাই পৰে। ফলত পথছোৱাত সৃষ্টি হয় যানজঁটৰ লগতে তীব্ৰ সমস্যাৰ।

স্থানীয় লোকৰ অভিযোগ, পথত খন্দা গাঁতসমূহত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা আৰু সতৰ্কতামূলক বেৰ নথকাৰ ফলতে এনে অঘটন সংঘটিত হৈছে। ঘটনাটোক লৈ পুৱাই অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register