ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিত গোল্ড লোনৰ কাৰ্যালয়ত অগ্নিকাণ্ড

কাৰ্যালয়ত অগ্নিকাণ্ড

শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ

ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিস্থিত এটা গোল্ড লোনৰ কাৰ্যালয়ত সংঘটিত হয় অগ্নিকাণ্ড। নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য।

প্ৰাথমিকভাৱে শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তৎপৰতাৰে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

বৰ্তমানলৈকে অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। ঘটনাটোক লৈ পৰৱৰ্তী তদন্ত অব্যাহত আছে।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register