লাভ জেহাদ কাণ্ড, দুই কিশোৰী উদ্ধাৰ মন্দিৰা আৰক্ষীৰ, আটক দুই অভিযুক্ত

কামৰূপৰ বকো থানাৰ অন্তৰ্গত শিলোবড়ী আৰু বোন্দাপাৰা অঞ্চলৰ দুগৰাকী প্ৰায় ১৪ বছৰীয়া কিশোৰীক যোৱা নিশা অসম–মেঘালয় সীমান্তৰ হাহিমৰ সমীপৱৰ্তী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয়। কিশোৰীদ্বয়ৰ অভিভাৱকে নিখোজ হোৱা বুলি আৰক্ষীক লিখিতভাবে জনোৱা সূত্ৰেই মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় দাসৰ নেতৃত্বত চলা এক অভিযানত ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ঘিলাবাৰী নিবাসী ৰফিকুল আলী (৩০) আৰু জুলহাছ আলী (১৯) নামৰ দুজন ব্যক্তিক আটক কৰে। অভিযুক্ত দ্বয়ে হিন্দু সম্প্ৰদায়ৰ কিয়োৰীদ্বয়ৰ সতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে আৰু কৌশল খটুৱাই দুয়োকো পলুৱাই নিয়া বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আৰক্ষীয়ে আটক কৰা দুয়োজনেই বকো থানা তথা মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাবাৰী অঞ্চলৰ বাসিন্দা। দুয়োগৰাকী কিশোৰীক আৰক্ষীয়ে হাহিম অঞ্চলৰ পৰা উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু অভিযুক্ত দ্বয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ দিহা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ আইনী প্ৰক্ৰিয়া আৰু তদন্ত অব্যাহত আছে। এই ধৰণৰ লাভ জেহাদ’ৰ খৱৰে অঞ্চলজুৰি চাঞ্চল্য বিয়পাইছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register