ধুবুৰীৰ,বিলাসীপাৰাত আমছুৰ প্ৰতিবাদ: মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ পদত্যাগৰ দাবী
বিলাসীপাৰা, ৩০ ছেপ্টেম্বৰ:
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)-ৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা পদত্যাগত বাধ্য কৰোৱা তথা সসম্মানে অপসাৰণ কৰাৰ দাবী উত্থাপন কৰে।
আমছুৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। গতিকে তেওঁক নিজ পদৰ পৰা তৎকালীনভাৱে অপসাৰণ কৰি এটা নিৰপেক্ষ আৰু স্বচ্ছ তদন্ত সমিতি গঠন কৰিব লাগে।
প্ৰতিবাদস্থলীত আমছুৰ কৰ্মীসকলে “গণতন্ত্ৰ ৰক্ষা কৰক, দেশ ৰক্ষা কৰক, আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহ ৰক্ষা কৰক” (Save Democracy, Save Nation, Save Constitutional Institution) ধ্বনিৰে সমগ্ৰ এলেকা উত্তাল কৰি তোলে। ৩০ ছেপ্টেম্বৰৰ বিয়লি ৬ বজাত বিয়ালসীপাৰাত অনুষ্ঠিত এই প্ৰতিবাদী সভাত সংগঠনটোৰ বহু স্থানীয় নেতা-কৰ্মী উপস্থিত থাকে।
ধুবুৰীৰ,বিলাসীপাৰাত আমছুৰ প্ৰতিবাদ: মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ পদত্যাগৰ দাবী বিলাসীপাৰা, ৩০ ছেপ্টেম্বৰ:
