- ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘ৰিজ’নেন্স বিদ্যাপীঠ’-ৰ দশম বৰ্ষপূৰ্তি আৰু নৱাগত আদৰণি সভাত উপস্থিত থাকি শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰোঁ।
শিক্ষাই এখন সমাজৰ ভৱিষ্যৎ গঢ়ে। বিগত এটা দশকজুৰি ৰিজ’নেন্স বিদ্যাপীঠে ৰহাৰ শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়াই অহা অৱদান প্ৰশংসনীয়। এই বিশেষ অনুষ্ঠানত শিক্ষাৰ্থীসকলক অধ্যৱসায়, শৃংখলা আৰু জ্ঞান আহৰণৰ প্ৰতি অধিক মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰোঁ।
এই অনুষ্ঠানটোত নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী শৰৎ বৰকটকী ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদকুমাৰ চলিহা ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক শ্ৰী যতীন পাৰৈ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী মণিৰাম নাথ ৰহা সাংবাদিক সন্থাৰ সদস্য শ্ৰী চয়েল খেতান , বি.টি.চি. ৰহাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীমতী নিৰলা দেৱী কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শ্ৰী মুনীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , ৰহা শাখা সাহিত্য সভাৰ সদস্য শ্ৰী লক্ষ্মী প্ৰসাদ ডেকা নগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি তথা কাৰ্যকৰী সভাপতি শ্ৰী ভদ্ৰকান্ত নাথ আৰু ৰহা আছুৰ সভাপতি শ্ৰী সঞ্জয় কুমাৰ কাকতি ডাঙৰীয়া সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ৰিজ’নেন্স বিদ্যাপীঠৰ আগন্তুক দিনসমূহৰ শৈক্ষিক যাত্ৰা অধিক সফল আৰু সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিলোঁ।
