সংস্কৃত ভাৰতীৰ লখিমপুৰ জিলা শাখাৰ উদ্যোগত বগীনদী নগৰ হাইস্কুলত সাতদিনীয়া সংস্কৃত ভাষাবোধন বৰ্গৰ সফল সামৰণি পৰিল।

সংস্কৃত ভাৰতী লখিমপুৰ জিলা শাখাৰ উদ্যোগত লখিমপুৰ জিলাৰ বগীনদী নগৰ হাইস্কুলত অনুষ্ঠিত হোৱা ৭ দিনীয়া ‘সংস্কৃত ভাষাবোধন বৰ্গ’ৰ কালি সফল সামৰণি পৰে। ২৪ জুলাইৰ পৰা ৩০ জুলাইকৈ অনুষ্ঠিত হোৱা এই সংস্কৃত ভাষাবোধন বৰ্গ জিলাখনত সংস্কৃত ভাষাৰ চৰ্চা আৰু প্ৰসাৰ বৃদ্ধিৰ উদ্দেশ্যে এই বিশেষ শিবিৰটোৰ আয়োজন কৰা হৈছিল।সাত দিনীয়া এই বৰ্গত জিলাখনৰ 184গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। সংস্কৃত ভাৰতীৰ লখিমপুৰ জিলা শাখাৰ সভাপতি মিত্ৰলাল উপাধ্যায় আৰু সম্পাদক লক্ষী প্ৰসাদ বৰাৰ নেতৃত্বত চলা এই ভাষা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণকাৰীসকলক অতি সৰল পদ্ধতিৰে সংস্কৃতত কথোপকথন কৰা, শ্লোক উচ্চাৰণ আৰু দৈনন্দিন জীৱনত সংস্কৃত ভাষাৰ ব্যৱহাৰ সম্পৰ্কে নিপুণ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়।কালি অনুষ্ঠিত হোৱা ইয়াৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক নিজৰ ভাষণৰ জৰিয়তে উদ্ধুদ্ধ কৰে সংস্কৃত ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ সাহিত্য প্ৰমুখ ধৰ্মেন্দ্ৰ উপাধ্যায়য়ে। তাৰোপৰি জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী আৰু সংস্কৃতভাৰতীৰ প্ৰান্ত তথা জিলা বিষয়ববীয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । বক্তাসকলে নিজৰ ভাষণত উল্লেখ কৰে যে সংস্কৃত কেৱল এটা ভাষা নহয়, ই ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ মূল আধাৰ। নতুন প্ৰজন্মক এই ভাষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কৰা এনে প্ৰয়াসক সকলোৱে ভূয়সী প্ৰশংসা কৰে।উল্লেখযোগ্য যে এই প্ৰশিক্ষণ বৰ্গত জিলা খনৰ বহু কেইখন উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বী সকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক মাৰ্গদৰ্শন আগবঢ়াই। অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থীসকলে সংস্কৃত ভাষাত গীত আৰু চুটি নাটক পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে, কাৰ্যসূচীৰ শেষত প্ৰশিক্ষাৰ্থী সকলক প্ৰমানপত্ৰ প্ৰদান কৰা হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register