স্মাৰ্ট মিটাৰৰ নামত চিয়াজুলিত গ্ৰাহকক লুণ্ঠন এপিডিচিএলৰ

:স্মাৰ্ট মিটাৰৰ নামত সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ মুৰত অত্যাধিক বিদ্যুৎ বিল জাপি দি লুণ্ঠন চলোৱা এপিডিচিএলে, স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ গ্ৰাহকৰ মুৰত ৰাম টাঙোন শোধোৱা কোনো নতুন কথা নহয়। এই কথাবোৰ বিভিন্ন সংবাদ মাধ্যম বা চছিয়েল মেডিয়া যোগে, বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা সঘনাই প্ৰচাৰ হোৱা পৰিলক্ষিত হয়। তেনে এক লুণ্ঠনৰ খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে চিয়াজুলি অঞ্চলৰ পৰা। অসম শক্তি বিতৰন কোম্পানীৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ অধীনৰ বৃহত্তৰ চিয়াজুলি অঞ্চলতে কোনো উদ্যোগ প্ৰতিষ্ঠান নথকা, গ্ৰাম্যাঞ্চলৰ সাধাৰণ ঘৰুৱা গ্ৰাহকৰ পৰা অতিৰিক্ত বিদ্যুত ব্যয় দেখুৱাই এদিনতে বহু লক্ষাধিক টকা স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। চিয়াজুলি অঞ্চলৰ ভূক্তভোগী সাধাৰণ গ্ৰাহকৰ অভিযোগ মতে, এপিডিচিএলে ২৬ জুলাইৰ দিনা কোনো কালে ৫০ টকাৰ অধিক বিদ্যুৎ ব্যয় নকৰা ঘৰুৱা গ্ৰাহকৰ পৰা প্ৰি পেইড চিষ্টেমৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে একে দিনত ববহু শতাধিক গ্ৰাহকৰ পৰা অতিৰিক্ত ইউনিটত বিদ্যুত ব্যয় দেখুৱাই এশৰ পৰা দুশ টকা পৰ্যন্ত লুন্ঠন কৰি নিয়ে। সৰ্বসাধাৰণতে বিদ্যুত ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী গ্ৰাম্যাঞ্চলৰ এই ঘৰুৱা গ্ৰাহক সকলে, একেটা দিনতে সকলোৰে অতিৰিক্ত মাত্ৰাত স্মাৰ্ট মিটাৰত বিদ্যুত বিল কৰ্তন যোৱাত, গ্ৰাহক ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰোপৰি কোনো কাৰণ নথকাকৈয়ে চিয়াজুলি অঞ্চলৰ গ্ৰাহক ৰাইজৰ মুৰত অতিৰিক্ত বিল জাপি দিয়াত এয়া বিদ্যুত বিভাগে পৰিকল্পিতভাৱে লুণ্ঠন চলোৱাৰ কথা জানিব পাৰি গ্ৰাহক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেয়ে স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকৰ ওপৰত লুণ্ঠন চলোৱা সংশ্লিষ্ট কৰ্তৃপক্ষক সকীয়নি দি, শীঘ্ৰেই ২৬ জুলাইৰ দিনা অতিৰিক্ত বিদ্যুত ব্যয় দেখুৱাই লুণ্ঠন কৰা সমূলঞ্চে ধন স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহক ৰাইজক উভতাই দিবলৈ দাবী জনাইছে। ইয়াৰ অন্যথা গ্ৰাহকৰ ওপৰত জোৰ জবৰদস্তিকৈ জাপি দিয়া স্মাৰ্ট মিটাৰবোৰ খুলি দলিয়াই দিয়াৰ হুংকাৰ দিছে। ফটো আছে। প্ৰেৰক ভূবন গৌতম।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register