সৰ্বশ্ৰেষ্ঠ দল ডিব্ৰুগড়!

অল আছাম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপত ৮টা সোণ, ৪টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক

গোলাঘাটত অনুষ্ঠিত ২৩সংখ্যক যুৱ আৰু ৩০সংখ্যক ছিনিয়ৰ অল আছাম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ ২০২৬ত চমকপ্ৰদ প্ৰদৰ্শনেৰে সৰ্বশ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিলে ডিব্ৰুগড় উশ্বু দলে।

২৬ আৰু ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত ডিব্ৰুগড়ৰ খেলুৱৈসকলে ছাণ্ডা আৰু টাওলু বিভাগত মুঠ ৮টা সোণ, ৪টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

ছাণ্ডা উশ্বু বিভাগত জয় দাস, অংকুৰ ভূমি, জিছান হুছেইন আৰু অমিত দাসে সোণৰ পদক লাভ কৰে। দীপাংকৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে আদিত্য সাহু, সাহেবা আহমেদ আৰু ৰিকিপন বকলিয়ালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

আনহাতে, টাওলু বিভাগত মঞ্জিত ভূমিজে তিনিটাকৈ সোণৰ পদক লাভ কৰি উজলি উঠে। কাশ্যপী সোণোৱালে এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰে। অঞ্জন দাসে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে আৰহান বৰদলৈ আৰু লিমা ছেত্ৰীয়েও ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

ডিব্ৰুগড় জিলা উশ্বু সন্থাই দলটোৰ এই সফলতাৰ বাবে খেলুৱৈ, প্ৰশিক্ষক, অভিভাৱক আৰু শুভাকাংক্ষীসকলক অভিনন্দন জ্ঞাপন কৰে। ডিব্ৰুগড়ৰ এই সাফল্যই জিলাখনৰ ক্ৰীড়াক্ষেত্ৰলৈ কঢ়িয়াই আনিছে নতুন গৌৰৱ। 

Leave a Reply

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register