শিৱসাগৰ, ১৩ অক্টোবৰঃ শিৱসাগৰৰ কেইবাটাও জৰাজীৰ্ণ পথ মেৰামতি আৰু নিৰ্মাণৰ দাবীত আজি জাতীয় সংগ্ৰামী সেনা, অসমৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে ৰংঘৰ চাৰিআলিত পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
শিৱসাগৰ-নাজিৰা সংযোগী নাজিৰা পথ, বৰ আলি আৰু জয়সাগৰ-ভটিয়াপাৰ পথৰ শোচনীয় অৱস্থাক লৈ সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে। পথসমূহৰ দুৰৱস্থাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হোৱাৰ লগতে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে।
পূৰ্বেও এই পথসমূহৰ অৱস্থাক লৈ অভিযোগ দাখিল কৰা হৈছিল যদিও লোকনিৰ্মাণ বিভাগে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। বিশেষকৈ নাজিৰা পথ আৰু বৰ আলিৰ নিৰ্মাণকাৰ্যৰ লেহেমীয়া গতিক লৈ ৰাইজৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে।
প্ৰায় এঘণ্টা ধৰি চলা পথ অৱৰোধৰ ফলত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। প্ৰতিবাদস্থলীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দণ্ডাধীশ উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ অভিযোগ শুনি স্মাৰক-পত্ৰ গ্ৰহণ কৰে। পথসমূহৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ নকৰিলে অনিৰ্দিষ্টকালীন পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জাতীয় সংগ্ৰামী সেনাই সকীয়াই দিয়ে।
