কচুৱাৰ জুৰিৰপাৰস্থিত আই. আৰ. ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শিক্ষক দিৱস উদযাপন
কচুৱা, ৫ ছেপ্টেম্বৰঃ আজি ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস। সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰণ। মহান দাৰ্শনিক গৰাকীৰ ওপজা দিনটোত প্ৰতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।১৯৬২ চনৰ পৰা প্ৰতি বছৰৰ ৫ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে উলহ মালহেৰে উদযাপন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰস্থিত আই. আৰ. ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শিক্ষক দিৱস উদযাপন কৰে। শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইমদাদুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আঁত ধৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক গুলজাৰ হুছেইনে। অনুষ্ঠানত শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক শিক্ষয়িত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ফুলাম গামোচা আৰু কলমেৰে আদৰণি জনাই। সভাত ছাত্ৰ-ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী আৰু বিশিষ্ট অতিথি সকলে শিক্ষক দিৱস আৰু ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ নীতি আদৰ্শৰ ওপৰত বহু মূল্যৱান বক্তব্য আগবঢ়ায়। শিক্ষক দিৱসৰ বিশেষ অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক ছাব্বিৰ আহমেদ, জাহাংগীৰ আলম শিক্ষয়িত্ৰী ক্ৰমে হিৰামণি কাকতি, ফৌজিয়া খাতুন, ছাবিনা ইয়াচমিন, ছাহজিদা খাতুন, সমাজসেৱক তাইজ উদ্দিনৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে শিক্ষক দিৱস উপলক্ষে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আগবঢ়োৱা অভিনন্দন পত্ৰ আৰু কলম বিজেপিৰ কৰ্মকৰ্তা সকলে বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰদান কৰে।
