লখিমপুৰ বগীনদীৰ এগৰাকী উদীয়মান লেখক সাহিত্যিক তথা নৈপৰীয়া কবি হিচাপে পৰিচিত শিক্ষক কলেশ্বৰ নৰহলৈ মানৱ সম্পদ বিকাশ মঞ্চই আগবঢ়াইছে মানৱ দৰদী বটাঁ। এই কথা শিক্ষক প্ৰকাশন সংস্থা অসমৰ অধীনৰ মানৱ সম্পদ বিকাশ মঞ্চৰ তৰফৰপৰা মুখ্য তত্ত্বাৱধায়ক মালিনী শইকীয়া, তত্ত্বাৱধায়ক ইন্দিৰা দাস আৰু পৰিচালক ক্ষীৰোদ দত্ত স্বাক্ষৰিত এক পত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে। উল্লেখ্য যে, বগীনদী নগৰ হাইস্কুলত অবৈতনিকভাৱে শিক্ষকত কৰিও নিজৰ সৃষ্টিশীল লেখনিৰে অসমৰ সাহিত্য জগতত নিজৰ চাপ সৃষ্টি কৰিবলৈ সক্ষম হোৱা কবি কলেশ্বৰ নৰহৰ ইতিমধ্যে তিনিখন কবিতা পুথি প্ৰকাশ পোৱাৰ উপৰিও বিভিন্ন ধৰণৰ আলোচনীত কেইবাখনো গল্প প্ৰৱন্ধ প্ৰকাশ পাইছে। ইয়াৰ স্বীকৃতি স্বৰূপে মানৱ সম্পদ বিকাশ মঞ্চৰ তৰফৰপৰা কবিগৰাকীলৈ আগবঢ়োৱা এই সন্মানৰ বাবে কবিগৰাকীৰ লগতে তেওঁৰ শুভাকাংক্ষী সকলো উৎফুল্লিত হৈ পৰিছে।
লখিমপুৰ বগীনদীৰ বিশিষ্ট লেখক সাহিত্যিক তথা নৈপৰীয়া কবি কলেশ্বৰ নৰহলৈ মানৱ সম্পদ বিকাশ মঞ্চৰ মানৱ দৰদী বটাঁ ।
